কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰৱাৰী কেন্দ্ৰ, ৰাজ্য আৰু বি এল টি নেতৃবৰ্গৰ মাজত সম্পন্ন হোৱা বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত সোমবাৰে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী সমদল আৰু সভা অনুষ্ঠিত হয়।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনৰপৰা কেইবাসহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন, প্লেকাৰ্ড লৈ পদব্ৰজে জে ডি পথেৰে কোকৰাঝাৰ সদৰ চহৰত প্ৰৱেশ আৰু পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়।