কোকৰাঝাৰত বিটিচি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমুহৰ অস্তিত্ব ৰক্ষাৰ...

Home ৰাজ্যকোকৰাঝাৰত বিটিচি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমুহৰ অস্তিত্ব ৰক্ষাৰ দাবীত বিশাল প্ৰতিবাদী সমদল, ইউটিচি গঠনৰো বিৰোধিতা

কোকৰাঝাৰত বিটিচি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমুহৰ অস্তিত্ব ৰক্ষাৰ দাবীত বিশাল প্ৰতিবাদী সমদল, ইউটিচি গঠনৰো বিৰোধিতা

by News Desk
113 views
A+A-
Reset

কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰৱাৰী কেন্দ্ৰ , ৰাজ্য আৰু বিএলটি নেৰ্তৃবৰ্গৰ মাজত সম্পন্ন হোৱা বিটিচি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমুহৰ অস্তিত্ব ৰক্ষাৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা , সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা , সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা , সদৌ চাওতাল ছাত্ৰ সন্থা , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী সমদল আৰু সভা অনুষ্ঠিত হয় । কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনৰ পৰা কেবাসহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন , প্লেকাৰ্ড লৈ পদব্ৰজে জেডি পথেৰে কোকৰাঝাৰ সদৰ চহৰত প্ৰৱেশ আৰু পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় । কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰাৰ সময়ত প্ৰতিবাদকাৰী সকলে বিটিচি চুক্তি পুণৰীক্ষণ কৰিবই লাগিব , আমাৰ দাবী নাৰ্য দাবী , জাতি জনগোষ্ঠীৰ সম অধিকাৰ , সম উন্নয়ন হবই লাগিব আদি শ্লোগানেৰে বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰ কঁপাই তোলে ।পিছত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী , মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ তিনিদফীয়া দাবীৰে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে । সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা , সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা , সদৌ চাওতাল ছাত্ৰ সন্থা , সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি , সম্পাদক স্বাক্ষৰিত উক্ত স্মাৰকপত্ৰ অনুসৰি বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্ৰমান্বয়ে আন আন জনগোষ্ঠীসমুহ নিজ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে । চুক্তি অনুসৰি ৫০ শতাংশতকৈ অধিক বড়ো জনসংখ্যা থকা গাঁওহে বিটিএডিত অন্তৰ্ভূক্তি হব লাগিছিল যদিও বাস্তৱক্ষেত্ৰত চুক্তি উলংঘা কৰি ৩০৮২ খন অনাবড়ো অধ্যুষিত গাঁও বিটিএডিত অন্তৰ্ভুক্তি হৈছে । বিটিচিত অনাবড়ো সকলে ৰাজনৈতিক অধিকাৰৰ পৰাৰ বঞ্চিত হোৱা বুলি উল্লেখ কৰি অতি শীঘ্ৰেই বিটিচি চুক্তি পুণৰীক্ষণৰ দাবী তুলিছে সংগঠনসমুহে । তদুপৰি ইউটিচি গঠনৰ কুচকাৱাজকো তীব্ৰভাষাৰে নিন্দা কৰি অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীও লোকৰ মতামত নোলোৱাকৈ বিটিএডি সন্দৰ্ভত কোনো ৰাজনৈতিক গ্ৰহণ কৰিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব বুলিও মন্তব্য কৰিছে ।সেয়েহে অজনজাতীয় লোকৰ অধিকাৰ খৰ্ব কৰা বিটিচি চুক্তি পুণৰীক্ষণ , অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীও লোকৰ মতামত নোলোৱাকৈ বিটিএডি সন্দৰ্ভত কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ নকৰা আৰু বিটিএডি সমস্যাৰ স্থায়ী সমাধানৰ্থে সকলো খিলঞ্জীয়া সংগঠনসমুহক লৈ উচ্চস্তৰীয় আলোচনা অনুষ্ঠিত কৰাৰ তিনিদফীয়া দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ সংগঠনকেইটাই উমৈহতীয়াভাৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0