Home ৰাজ্যএনডিএফবি (এচ)ৰ সদস্যক আটক , গ্ৰেণেড উদ্ধাৰ

এনডিএফবি (এচ)ৰ সদস্যক আটক , গ্ৰেণেড উদ্ধাৰ

by News Desk
109 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং কোব্ৰা বেটেলিয়নে যৌথ অভিযান চলাই আজি ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা এগৰাকী যুৱক আৰু এগৰাকী যুৱতী এনডিএফবি(এচ)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । যৌথ অভিযানত আটকাধীন যুৱকগৰাকী ছেৰফাংগুৰী থানাৰ অন্তৰ্গত হাজৰকিয়া গাঁওৰ ৰবীন ওৱাৰী ওৰফে ৰৌ ৰৌ (২৪) আৰু যুৱতীগৰাকীক চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গাৰ্লাবাৰীৰ  ৰিছিমা নাৰ্জাৰী ওৰফে এন, ৰুজু বুলি আৰক্ষীয়ে সদৰি কৰিছে । ধৃত সদস্যদ্বয়ৰ পৰা অভিযানকাৰী দলে দুটা গ্ৰেণেড , নগদ টকা , বেগ আদি উদ্ধাৰ কৰিছে । 

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে ধৃত সদস্যদ্বয় কিছুদিন পূৰ্বে ম্যানমাৰৰ টাগা কেম্পৰ পৰা কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰিছিল । এক বিশেষ সূত্ৰৰ পম খেদি ৰিপু সংৰক্ষিত বনাঞ্চলত  আজি পুৱতি নিশা যৌথ অভিযান চলাই সদস্যদ্বয়ক গ্ৰেপ্তাৰ কৰা হয় বুলি সদৰি কৰি ধৃত সদস্যদ্বয় ধনদাবী , নতুন সদস্য ভৰ্তি আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ সতে জড়িত আছিল বুলি জিলা আৰক্ষী অধীক্ষকে মন্তব্য কৰিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0