118
খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাছতো লাখ লাখ মানুহৰ নাম খচৰাৰ পৰা বাদ পৰিছে।
সেই বাদ পৰা নাম অন্তৰ্ভুক্ত কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তি-পত্ৰ পূৰণৰ অন্তিম সময় ১৫ ডিচেম্বাৰলৈকে বান্ধি দিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিজৰ নাম, পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ মাজত মাথো আৰু তিনিটা দিন বাকী থকা অৱস্থাত ভিৰ বাঢ়িছে এন এছ কেসমূহত।