105
নতুন দিল্লীঃ উৰ্জিৎ পেটেলে হঠাতে সোমবাৰে পদত্যাগ কৰাৰ পাছত আজি প্ৰাক্তন বিত্ত সচিব শক্তিকান্ত দাসক নৰেন্দ্ৰ মোডী চৰকাৰে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নতুন গবৰ্নৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।
বৰ্তমান পৰিকল্পনা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দাসে ২০১৬ চনত চৰকাৰে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পাছত সঘনাই সংবাদ মাধ্যমৰ সন্মুখত দেখা দি চৰকাৰৰ হৈ মন্তব্য কৰা দেখা গৈছিল।