নতুন দিল্লীঃ লাহে লাহে পৰিষ্কাৰ হৈছে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ ছবি। বিয়লি ৪ বজালৈকে লাভ কৰা ফলাফলৰ ভিত্তিত কংগ্ৰেছ দলে ৰাজস্থান, চত্তীশগড় আৰু মধ্যপ্ৰদেশতো একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগ বাঢ়িছে। তেলেংগানা আৰু মিজোৰামত ক্ৰমে টি আৰ এছ আৰু এম এন এফে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।
অহা বছৰ দেশত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ আগে আগে পাঁচ ৰাজ্যত অনুষ্ঠিত এই নিৰ্বাচনক ছেমিফাইনেল হিচাপে বিবেচিত হৈছে। গো-মাতা, ৰাম মন্দিৰ, চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰ লগতে হিন্দু-মুছলমানৰ মাজত মেৰু বিভাজনেৰেও শাসকায় বি জে পিয়ে তিনি ৰাজ্যৰ শাসনৰ বাঘজৰী ধৰি ৰাখিব নোৱাৰিলে।