অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওদালগুৰি জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তী আৰু মানুহৰ সংঘাতে। জিলাখনৰ উত্তৰাঞ্চলৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত প্ৰায় প্ৰতিদিনে হাতী আৰু মানুহৰ সংঘাতে নিদ্ৰা হৰণ কৰিছে উক্ত অঞ্চলত বসবাস কৰা লোকসকলক।
জিলাখনৰ ধনশিৰি বন সংমণ্ডলৰ অন্তৰ্গত ৭০৯০.২০ হেক্টৰ ভূমিৰে আৱৰা খালিংদুৱাৰ, ৭৭৪২ হেক্টৰ ভূমিৰে আৱৰা ৰৌতা আৰু ২৪৪০.৭৫ হেক্টৰ ভূমিৰে আৱৰা ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল আছে। লগতে ৯৯২ হেক্টৰ ভূমিৰে আৱৰা কুণ্ডৰবিল, ৩৫৪৩ হেক্টৰ ভূমিৰে আৱৰা ভৈৰৱকুণ্ড আৰু ৫৬৮ হেক্টৰ ভূমিৰে আৱৰা নেউলী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ উপৰিও ২৬২১.৮১৩ হেক্টৰ ভূমিৰে আৱৰা এখন বৰনদী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল আছে।