মৰিয়নীঃ শুকুৰবাৰে পুৱা মৰিয়নী জংচনত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে ৰে’ল বিভাগে মৰিয়নী জংচনত যাত্ৰীৰ বাবে আৰক্ষণ কেন্দ্ৰটো হঠাৎ কোনো কাৰণ অৱগত নকৰাকৈ বন্ধ কৰি দিয়াত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷
১২৯ বছৰ পুৰণি এই জংচনটোত পূৰ্বে তিনিটাকৈ আৰক্ষণ কেন্দ্ৰ আছিল যদিও ক্ৰমাৎ তাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷ এই জংচনটো উজনি অসমৰ এটা উল্লেখযোগ্য জংচন হোৱাৰ উপৰিও নগাপাহাৰৰ লোকসকলৰ বাবে ডিমাপুৰ জংচনৰ পাছতে মৰিয়নী জংচনটো৷ তেনে অৱস্থাত ৰে’ল বিভাগৰ এই হঠকাৰী সিদ্ধান্তই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷