112
বিহালীঃ বি জে পিৰ বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত শুকুৰবাৰে জিনজিয়া ছহিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰংগ মঞ্চত আয়োজিত হোৱা এক অভিনন্দন অনুষ্ঠানত দুজন জিলা পৰিষদৰ সদস্য, আঠখন গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যসকলক এখনি ফুলাম গামোচাৰে ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তই অভিনন্দন জ্ঞাপন কৰে।
