112
মোৰাঝাৰঃ গাৰ নোম শিয়ৰি উঠা এটি ভিডিঅ’ক লৈ হোজাই জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। এজন ম’বাইল চোৰক একাংশ মৰেল পুলিচে অতি জঘন্যভাৱে প্ৰহাৰ কৰাৰ এই ভিডিঅ’টো ভাইৰেল হৈছে ছ’চিয়েল মেডিয়াত।
একাংশ লোকে এই যুৱকজনক জন্তুৰ দৰে হাত ভৰি খুঁটাত বান্ধি আৰম্ভ কৰিছে অমানুষিক অত্যাচাৰ৷ ইমানতে ক্ষান্ত নাথাকি তেওঁলোকে এই দুষ্কাৰ্যৰ ভিডিঅ’ কৰি এৰি দিছে সামাজিক মাধ্যমত৷