102
ওদালগুৰিঃ ৰাফাল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছ দলৰ আচৰণৰ বিৰুদ্ধে বুধবাৰে ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিয়ে।
ওদালগুৰি জিলা সদৰৰপৰা চহৰখনৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই বি জে পি নেতা-কৰ্মীসকলে জিলা উপায়ুক্ত কাৰ্যালয় অভিমুখে গতি কৰে। উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছত কৰ্মীসকলে চৌহদৰ সমীপত অৱস্থান গ্ৰহণ কৰে।