52
গোৰেশ্বৰঃ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ গোৰেশ্বৰত থকা একমাত্ৰ পানী যোগান আঁচনিটো বিকল হৈ আছে বিগত প্ৰায় ১৫ দিন ধৰি।
গোৰেশ্বৰত কাৰ্যক্ষম হৈ থকা একমাত্ৰ পানী যোগান আঁচনিটো বিকল হৈ থকাত ভীষণ অসুবিধাৰ সম্মুখীন হৈছে গোৰেশ্বৰৰ ৰাইজ। গোৰেশ্বৰ জলসিঞ্চন ক’লনি অৱস্থিত গোৰেশ্বৰ অনাময় পানী যোগান আঁচনিটো বিকল হৈ থকাত গোৰেশ্বৰ আৰক্ষী থান, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, গোৰেশ্বৰ আৰ্মী কেম্পকে ধৰি প্ৰায় ২০০ উপভোক্তাই এতিয়া পানীৰ বাবে অসুবিধাত পৰিছে।