Home ৰাজ্যদুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ম’ক ড্ৰিল

দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ম’ক ড্ৰিল

by News Desk
A+A-
Reset
936a4b30-0baa-4ee4-8520-91a5c136e6ee

মৰিগাঁওঃ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে ল’বলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত বৃহস্পতিবাৰে মৰিগাঁও নগৰৰ পাঁচ ঠাইত ম’ক ড্ৰিল প্ৰদৰ্শন কৰা হয়। ভাৰত চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত আৰু মৰিগাঁও জিলা প্ৰশাসন তথা দুৰ্যোগ প্ৰাধিকৰণৰ সহযোগত অগ্নিনিৰ্বাপক বিভাগৰ স্কোৱাড কমাণ্ডেন্ট আবু আলীৰ তত্বাৱধানত এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংগঠনৰ অংশগ্ৰহণৰে আকস্মিকভাৱে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’লে, বিশেষকৈ ভূমিকম্পৰ জোকাৰণিৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিত ল’ব লগা সাৱধানতাৰ বিষয়ে ম’ক ড্ৰিল তথা আখৰা প্ৰদৰ্শন কৰা হয়।

বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হোৱা ম’ক ড্ৰিল কাৰ্যসূচীত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ দুৰ্যোগ প্ৰাধিকৰণৰ ক্ষেত্র বিষয়া জোগান আংগুৰ গোস্বাৰ আৰু বেৰু দুলন। আজি এই মেগা ম’ক ড্ৰিল কাৰ্যসূচী সুকলমে সম্পাদন কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে অংশগ্ৰহণকাৰীৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকললৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0