মৰিয়নীঃ যোৱা ১২ ডিচেম্বৰৰ দিনা সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত নিবাচনৰ ভোট গণনাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তগৰ্ত কটনী জিলা পৰিষদৰ অন্তগৰ্তত ৬০ নং বাগিচাৰ ৪ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল অধ্যাপক জয়ী হয় বুলি নিৰ্বাচনী বিষয়া কাৰ্যালয় তৰফৰপৰা ঘোষণা কৰা হয়৷
বৃহস্পতিবাৰে বিজয়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল অধ্যাপক তিতাবৰ নিবাচনী বিষয়া কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ নিৰ্বাচনত বিজয়ীৰ প্ৰমাণ-পত্ৰ ল’বলৈ আহে৷ তেতিয়া তিতাবৰৰ নিৰ্বাচনী কাৰ্যালয় তৰফৰপৰা তেওঁক জানিব দিয়ে তেওঁৰ বিপৰীতে ৪ নং ৱাৰ্ডত বি জে পি দলৰ প্ৰাৰ্থী ডালিমী তাঁতী জয়ী হৈছে৷