Home ৰাজ্য৫৩ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ প্ৰত্যাহাৰ

৫৩ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ প্ৰত্যাহাৰ

by News Desk
75 views
A+A-
Reset

বোকাজানঃ কাৰ্বি ভূমিত বিগত কেইবাদিনো ধৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি ১৫টা জনগোষ্ঠীয় সংগঠনক কাৰ্বি স্বায়ত্ব পৰিষদে আলোচনাৰ বাবে আমন্ত্ৰণ জনায়৷ আগন্তক কাৰ্বি পৰিষদৰ নিবাচৰ্নৰ পূৰ্বে সংবিধানৰ ২ আৰু ৭ নং অনুচ্ছেদ অনুসৰি আইন আৰু নীতি গ্ৰহণ কৰি পৰিষদীয় ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কতৰ্নৰ দাবীত ২৪ সংগঠনে উমৈহতীয়া আন্দোলন অব্যাহত ৰাখিছে৷

যোৱা ২১ এপ্ৰিলত ২৪ টা সংগঠনৰ নেতৃত্বত উলংগ প্ৰতিবাদ সাব্যস্ত কৰি কপাই তুলিছিল কাৰ্বি ভূমি ৷ চৰকাৰে অ-জনজাতিৰ নাম কৰ্তন নকৰিলে ১০০০ মহিলাও ৰাজপথত উলংগ হৈ অভিনৱ প্ৰতিবাদ কৰাৰ কথা চৰকাৰক সকীয়াই দিছিল ৷ বিভিন্ন প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজিৰে পৰা ২৯ এপ্ৰিলৰ পুৱা ৫ বজালৈ ৫৩ ঘন্টীয়া কাৰ্বি আংলং জিলা বন্ধ ঘোষণা কৰে ২৪টা সংগঠনে৷ ২৪টা সংগঠনে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে কাৰ্বি ভূমিত৷ ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0