লালুকঃ হাৰমতীৰ জ্ঞানম একাডেমীত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ প্ৰাপ্ত খবৰ মতে আজি পুৱা বিদ্যালয়খনৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰই পুৱা পানী সংগ্ৰহ কৰিবলৈ যাওঁতে অসাৱধানৱশত পিছলি পৰাৰ ফলত তলত থকা উন্মুক্ত লোহাৰে বিন্ধাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়৷
বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও ছাত্ৰজনৰ মৃত্যু ঘটে৷ ইফালে ঘটনাটোক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ তথা একাংশ অভিভাৱক৷