নলবাৰীঃ নলবাৰী জিলাৰ বালিকৰিয়া গাঁৱৰ বাসিন্দা বিশিষ্ট সাংবাদিক তথা কবি প্ৰদীপ কুমাৰ বৰ্মনক দেওবাৰে সাহিত্যসেৱী নৃপেন্দ্ৰ নাথ ভাগৱতীৰ সভাপতিত্বত আৰু মদন চন্দ্ৰ মেধিয়ে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী নুনমাটি শাখা সাহিত্য সভাই ‘অসম সাহিত্য বঁটা ‘প্ৰদান কৰে।
উল্লেখ্য যে নুনমাটি শাখা সাহিত্য সভাই পূৰ্বৰেপৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা দেখুওৱা লোকক এনেদৰে বটাঁ প্ৰদান কৰি আহিছে। সাহিত্যৰ দিশত অৰিহণা যোগোৱাৰ বাবে প্ৰদীপ কুমাৰ বৰ্মনক এই বঁটা প্ৰদান কৰা হৈছে।