নলবাৰীঃ নলবাৰী জিলাৰ অৰৰা জয়পাল থান মজলীয়া বিদ্যালয়ে পঞ্চাছ বছৰ অতিক্ৰম কৰা উপলক্ষে দেওবাৰৰেপৰা তিনিদিনীয়াকৈ সোণালী জয়ন্তী উৎসৱ আৰম্ভ হৈছে।
আজি পুৱা উদযাপন সমিতিৰ সভাপতি তথা শিক্ষাবিদ চক্ৰধৰ কলিতাই সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে। ইয়াৰ পাছতে বিদ্যালয়ৰ পতাকা প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন কলিতাই উত্তোলন কৰে লগতে স্থায়ী তোৰণ আৰু প্ৰয়াত ‘মাকন কলিতা সোঁৱৰণী’ সোণালী জয়ন্তীৰ তোৰণ উন্মোচন কৰা হয়।