বৰনদ্দীঃ নলবাৰী জিলাৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, সুৰনন্দন ভাৰতী, কলিকতা আৰু অসম চাৰু কাৰু কলা পৰিষদ, গুৱাহাটীৰ স্বীকৃতপ্ৰাপ্ত আশাশ্ৰী সংগীত বিদ্যালয় নলবাৰীৰ দশম বাৰ্ষিক বিদ্যালয় সপ্তাহখনি সোমবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে নলবাৰীৰ অভ্যসন বিদ্যালয় প্ৰাগংনত অনুষ্ঠিত হৈ যায়৷
পুৱা পতকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ পাছত ৮.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা 9 বজাত কন্ঠসংগীত, তবলা বাদন আৰু ১১ বজাত গীতাৰ বাদন ১১.৩০ বজাত স্ব-নিৰ্বাচিত কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷