51
চামগুৰিঃ নগাঁৱৰ পুৰণি গুদামৰ ভীমৰগাঁৱত মঙলবাৰে দোকমোকালিত বন্যহস্তীয়ে সন্ত্ৰাস চলায়। গাঁৱখনৰ লোকে নিশা থিয়েটাৰ চাবলৈ যাওঁতেই বন্যহস্তীৰ প্ৰায় সাত জনীয়া এটা জাকে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে গাঁৱখনৰ তিনিটাকৈ বাসগৃহ।
খাই তহিলং কৰিলে কেইবা ঘৰ লোকৰ কাটি অনা বহু সংখ্যক ধানৰ দাঙৰি, হাতীৰ গছকত উচন হ’ল সৰিয়হৰ পথাৰ।