ডিব্ৰুগড়ঃ আই এম ডি টি আইন বাতিল কৰাৰ হোতা আছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ উচ্চতম ন্যায়ালয়ত আইনখন বাতিল হোৱাৰ পাছত সোণোৱালে দিল্লীৰপৰা আহি অসমত উপস্থিত হোৱাৰ সময়ত ফুলৰ মালা পিন্ধাই তেওঁক ‘জাতীয় নায়ক’ বুলি অসমৰ লোকে অভিধা দিছিল৷
অসমৰ মানুহে যিজন লোকক বিমান বন্দৰৰপৰা আদৰি আনি ‘জাতীয় নায়ক’ উপাধি প্ৰদান কৰিছিল, সেই একেজন লোককেই দেওবাৰে ক’লা পতাকা প্ৰদৰ্শন কৰি ক্ষোভৰ বহিঃপ্ৰকাশেৰে প্ৰতিবাদ সাব্যস্ত কৰি আন এক নজিৰ সৃষ্টি হৈছে৷