লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত ফানেং, ৱাৰা আৰু মুঙকাম বস্তিৰ সংযোগী বনাঞ্চলত আলফা স্বাধীনৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলায়।
তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত নেতৃত্বত আৰু লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে, জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ সহযোগত যোৱা এটা বৃহৎ আৰক্ষী দলে বিশেষ সূত্ৰৰ পম খেদি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা ফেনেঙ, ৱাৰা আৰু মুঙকাম বস্তিৰ সংযোগী ঘন বনাঞ্চলত অতৰ্কিতে অভিযান চলায়৷ গোপন সুত্ৰৰ পম খেদি এলেকাটোত আলফা স্বাধীনে বাহৰ পাতি থকা বুলি তথ্য পোৱাৰ পাছত দিনৰ প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ এটা বৃহৎ দলে বনাঞ্চলখনত প্ৰৱেশ কৰে৷