লিডুঃ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগৰ এখন পঁয়ালগা দৃশ্যৰ প্ৰতিফলন ঘটিছে বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাত ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাটোৰ ভিতৰতে এখন পুৰনি চিকিৎসালয় হিচাপে পৰিচিত টিৰাপ ৰাজ্যিক চিকিৎসালয়খন আজিও উন্নতমানৰ চিকিৎসালয়লৈ পৰিৱৰ্তন নহল ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অমনোযোগিতাৰ বাবে আজিও কাৰিকৰী দিশত বহু পিছ পৰি আছে টিৰাপ ৰাজ্যিক চিকিৎসালয় খন ৷ এজন স্থায়ী চিকিৎসকৰ অভাৱে জীয়াতু ভোগাইছে সাধাৰন ৰাইজক ৷ যাৰ পৰিপেক্ষিতত বাধ্য হৈ এজন অস্থায়ী ভাৱে নিযুক্ত চিকিৎসকে এতিয়া চোৱা চিতা কৰিছে এলেকাটোৰ অধীনস্থ ১০ খনৰো অধিক গাওঁৰ ৰোগীক ৷