দুলীয়াজানঃ দুলীয়াজানত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত অসমৰ মফচলীয়া সাংবাদিকৰ ঐক্যবদ্ধ সংগঠন ‘আছাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন’ চমুকৈ আপকুৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আজি অন্তিম দিনা পুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পণ কাৰ্যসূচীৰ পিছতে শিশু শিল্পীৰ দলে পৰিৱেশন কৰা এক ব্যতিক্ৰমী অনুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷
ঢোলৰ ওজা তথা অসমীয়া কৃষ্টি-সংস্কৃতিৰ সাধক জগত শইকীয়াৰ পৰিচালনাত ডেৰকুৰি কণ কণ শিশুৱে ঢোল, নাগাৰা, দবা আৰু বাঁহী সংগত কৰি পৰিবেশন কৰে গোৱালপৰীয়া লোকগীত, ঝুমুৰ,বিহু, বিয়ানাম৷ ইফালে, বিয়লি আপকুৰ সভাপতি মনোজ সিঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে৷