লখিমপুৰঃ সৰ্বভাৰতীয় বাৰ্তাজীৱী সংঘৰ এখন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈ ২০১০ চনৰ ১৮ ফেব্ৰুৱাৰীত দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা শ্বহীদ সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ভূতপূৰ্ব কাৰ্যকৰী সভাপতি টংকেশ্বৰ দত্তৰ নৱম সংখ্যক মৃত্যু দিৱস সোমবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে নিজা ভৱনত উদযাপন কৰে।
উক্ত মৃত্যু দিৱসত পুৱা ১১ বজাত শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিৰ সম্মুখত মাল্লাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে প্ৰেছ ক্লাবৰ সভাপতিয়ে আৰু পৰৱৰ্তী কাৰ্য্যসূচী মৰ্মে ক্ৰিয়া সাংবাদিক গৰাকীৰ সন্মানাৰ্থে অনুষ্ঠিত হয় এক পৰ্যালোচনা অনুষ্ঠান৷