নেলীঃ অসমৰ বুকুত নেলী এডুখৰ কেঁচা ঘা৷ সেই ঘা টুকুৰাই ১৮ ফেব্ৰুৱাৰীত ভৰি দিলে ৩৬ বছৰত৷ অথচ সেই ক্ষতস্থান যেন আজিও শুকুৱা নাই৷ আজিও ন্যায়ৰপৰা বঞ্চিত নেলীৰ দুৰ্ভগীয়াসকল৷ নেলী আজি যেন অস্পৃশ্য শব্দ৷ সেয়ে নেলীৰ উন্নয়নো কোনেও নিবিচাৰে৷
পিছে মানৱতাবোধ সম্পন্ন লোকসকলে কেতিয়াও পাহৰিব নোৱাৰে নেলীক৷ ১৮ ফেব্ৰুৱাৰী নেলী গণহত্যাৰ ৩৬তম বৰ্ষপুৰ্তিত নেলীত সমবেত হ’ল ৰাজ্যৰ মানৱতাভাগী লেখক-সাংবাদিকৰ এটি বৃহৎ দল৷ আলোচনা কৰিলে নেলী বিষয়ত, সোঁৱৰিলে শ্বহীদক৷