কাজিৰঙা: ভাষা নাথাকিলে এটা জাতি কেতিয়াও জীয়াই নাথাকে৷ যি সময়ত মানুহৰ উত্তৰণৰ বাবে কৰ্ম কৰা উচিত, ঠিক তেনে সময়ত জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ বাবে আজি অহৰ্নিশে কচৰৎ কৰি থকা হৈছে। অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো যেন নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হৈছে বিভিন্ন জন। এনে প্ৰেক্ষাপটত নিজৰ জাতি সুৰক্ষিত কৰিবৰ হেতু প্ৰত্যেকেই নিজৰ মাটি-ভেটিক সুৰক্ষা প্ৰদান কৰাৰ সমান্তৰালভাৱে নিজৰ আইৰ মুখৰ ভাষা জীয়াই ৰাখিব লাগিব। ভাষা নাথাকিলে এটা জাতি কেতিয়াও জীয়াই নাথাকে।
আজি যুক্তি দিৱসৰ দিনা অসমৰ চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী মহিলা সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ ‘কাঁচা ঘামেৰ ভিজা আঁচল’ উন্মোচন কৰি এইদৰে কয় বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতীয়ে। তাঁতীয়ে কয় যে স্বাধীনতাৰ সাত দশকৰ পাছতো সকলো দিশতে পিছপৰি থকা চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিভা আজিও লুকাই আছে। কিন্তু, এইখিনি খুচুৰি উলিয়াই সম্পদলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ যেন আহৰি নাই কোনো পক্ষৰে।