41
মৰিয়নীঃ চেলেংহাটৰ এজন যুৱকক বিচাৰি এসপ্তাহে অসমত বাহৰ পাতি আছে চেন্নাই আৰক্ষীৰ এটা দল। চেন্নাই আৰক্ষীৰ দুৰ্ধৰ্ষ অপৰাধীৰ তালিকাত উক্ত যুৱকজনৰ নাম।
চেন্নাই আৰক্ষীৰ বাবে এতিয়া মূৰৰ কামুৰণি স্বৰূপ হৈ পৰিছে যুৱকজন। স্থানীয় চেলেংহাট আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, চেন্নাই আৰক্ষীয়ে বিচাৰি ফুৰা যুৱকজন চেলেংহাটৰ গড়কোষ গাঁৱৰ প্ৰয়াত লক্ষী ৰাম গগৈৰ পুত্ৰ কনক গগৈ।