64
ডিফুঃ হৃদয়বিদিৰক জম্মু-কাশ্মীৰৰ পুৱালৱামৰ গাড়ী বোমা বিষ্ফোৰণত ৪২ জনকৈ বীৰ জোৱানে প্ৰাণ উৎসৰ্গা কৰাৰ পাছত দেশজুৰি শোকৰ ছাঁ পৰাৰ সময়তে ডিফুবাসীও শোক পালন কৰিছে৷
বুধবাৰে ডিফুৰ হৰিলালাল বস্তি কালীমন্দিৰ প্ৰাংগণত ‘মৰ্ণিং চিটিজেণ অব ডিফু’ৰ উদ্যোগত শ্বহীদ জোৱানসকলৰ প্ৰাতিচ্ছবি সন্মুখত লৈ বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷