Home ৰাজ্যকলংপৰীয়া কবি দেৱকান্ত বৰুৱাক ভাৰতৰত্ন প্ৰদানৰ দাবী

কলংপৰীয়া কবি দেৱকান্ত বৰুৱাক ভাৰতৰত্ন প্ৰদানৰ দাবী

by News Desk
A+A-
Reset
653920bd-e334-4845-907c-3dbd7a43a808

চামগুৰিঃ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কলংপৰীয়া কবি দেৱকান্ত বৰুৱাৰ আজি পবিত্ৰ জন্মতিথি। তেখেতে অতি কম দৰমহা পোৱা শিক্ষাগুৰুসকলৰ বেতন বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে বিভিন্ন চৰকাৰী বৃত্তিৰ ব্যৱস্থা কৰাৰ উপৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিছিল৷ এইগৰাকী স্বনামধন্য কলংপৰীয়া কবি-সাহিত্যিকে একমাত্ৰ কবিতাপুথি “সাগৰ দেখিছা” লিখি অসমীয়া সাহিত্যত নিজৰ নাম জিলিকাই ৰাখিছিল বুলি “ৰাজপথৰ কবিতা”ৰ সভাপতি অধ্যাপক প্ৰদীপ কুমাৰ বৰাই বক্তব্য আগবঢ়ায়। 

নগাঁৱৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু “ৰাজপথৰ কবিতা”ৰ উদ্যোগত দেৱকান্ত বৰুৱা সোঁৱৰণী কবিতাৰ সভাত দেৱকান্ত বৰুৱাৰ কবিতা “মোৰ দেশ মানুহৰ দেশ” আবৃত্তি কৰে শিশু সমৰজিৎ শইকীয়া, “বিহুৰ পেপা” শিশু দুৱৰী কাশ্যপ শইকীয়াই। ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকাই সঞ্চলনা কৰা কবিতাৰ সভাত কবিতা পাঠ কৰে কবি চন্দ্ৰ শইকীয়া, ড° জোনালী শৰ্মা, জেউতী হাজৰিকা, প্ৰতুল বৰা, অচ্যুত প্ৰৱৰ শৰ্মা, মধুমিতা বৰুৱা, অনুৰম বৰা, গুণদা গোস্বামী, ভৰত কেওট, সমীৰণ বৰবৰা, তেজস্বিনী কৌৰ, হাছিনা মমতাজ, প্ৰীতিমণি শৰ্মা, মায়ামণি দেৱী, কৰবী লিগিৰা, পুলকানন্দ কৌশিক, দ্বীজেন্দ্ৰমোহন শইকীয়া, নয়নমণি মিশ্ৰ, পাপু মজুমদাৰ, সুস্মিতা দত্তদাস, কবিতা বৰা, এম ইব্ৰাহিম আলি, বসন্ত কৌশিক ভাগৱতী, দেৱযানী শৰ্মা পাঠক,জয়ন্তী বৰা, ৰাতুল শৰ্মাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0