জয়ন্ত মুদৈ, নগাঁওঃ ‘সাহিত্য সৃষ্টি কৰিবলৈ আগ্ৰহী ব্যক্তিয়ে নিজৰ সৃষ্টিৰ মাজত শৈল্পিক আৰু বৌদ্ধিক উপাদান সন্নিবিষ্ট কৰিব লাগিব, তেতিয়াহে সেই সৃষ্টিয়ে সাহিত্য হিচাপে স্বীকৃত হ’ব। অসমীয়া সাহিত্যই বিশ্বত স্বীকৃতি পাবলৈ হ’লে আমাৰ সাহিত্যিকসকলে নিজৰ সৃষ্টিত বিশ্বজনীনতা প্ৰতিফলিত কৰিব লাগিব। তেনে বিশ্বজনীনতা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যকৃতিত আছিল।’ —এই মন্তব্য অধ্যাপক তথা গৱেষক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিৰ।
নগাঁৱৰ সাহিত্য-সংষ্কৃতিৰ অন্যতম অনুষ্ঠান কলংপৰীয়া আলোচনা-চক্ৰৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে বিশিষ্ট গৱেষকগৰাকীয়ে।