100
চিলাপথাৰঃ অগ্নগৰ্ভা অৰুণাচল প্ৰদেশৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে সেনাৰ সহায় লৈছে৷ আইন-শৃংখলা ৰক্ষাৰ বাবে ঠায়ে ঠায়ে সেনাবাহিনী নিযোগ কৰা হৈছে৷
দেওবাৰে হিংসাত্মক পৰিস্থিতিৰ পাছত দ্বিতীয় দিনাও অগ্নিগৰ্ভা হৈ আছে চুবুৰীয়াৰ অৰুণাচল প্ৰদেশৰ পৰিস্থিতি। অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত অতীজৰেপৰা বসবাস কৰা দেউৰী, মিচিং সোনোৱাল, মৰাণ-মটক আদি জনগোষ্ঠীয়সমূহে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দাবী জনাই আহিছে।