চামগুৰিঃ মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ ৰে’ল হিচাপে চিহ্নিত হৈ অহা শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লখনক লৈও এতিয়া সংশ্লিষ্ট বিভাগে দেখুওৱা মাহীআই দৃষ্টিৰ বিষয়ে প্ৰমাণ পোৱা গৈছে সোমবাৰৰ দুটাকৈ ঘটনাত।
সোমবাৰে পুৱা ৰে’লখনে শিলঘাটৰপৰা যাত্ৰা কৰাৰ পাছতেই প্ৰথমেই নগাঁৱৰ পুৰণিগুদাম আৰু তাৰপাছতেই বেবেজীয়াত দুবাৰকৈ হোৱা যান্ত্ৰিক বিজুটি বাবে ৰে’লখন বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগীয়া হয়। যাৰ বাবে হাৰাশাস্তি ভোগ কৰিবলৈ বাধ্য হ’ল ৰে’লখনত অহা সহস্ৰাধিক গুৱাহাটী অভিমুখী যাত্ৰীয়ে।