109
নগাঁওঃ নগাঁও জিলাৰ জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য বৈঠকখন দেওবাৰে বিয়লি জাজৰি আৰক্ষী থানাৰ চৌহদত থকা গাঁওৰক্ষী বাহিনীৰ সভাগৃহত সম্পন্ন হয়।
শাখাৰ সভাপতি চফিকুল হকৰ সভাপতিত্বত সম্পন্ন হোৱা বৈঠকখনিৰ আৰম্ভনিতে মাজ জাজৰি গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি মিণ্টু কোঁৱৰ আৰু আঞ্চলিক সদস্যা বিবি বৰাক শাখাৰ তৰফৰপৰা ফুলাম গামোছা আৰু সম্বৰ্দ্ধনা-পত্রৰে সন্মান জনোৱা হয়।