109
নগাঁওঃ গোলাঘাট আৰু যোৰহাটকে ধৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত বিষাক্ত চুলাই মদে মৃত্যুদূতৰ ৰূপত ডেৰ শতাধিক লোকৰ প্ৰাণ লৈ বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত কেতিয়াবা নগাঁও জিলাটো তেনে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে নগঞা সচেতন ৰাইজে৷
কিয়নো জিলাখনৰ পশ্চিমাঞ্চলত বৰ্তমানেও চুলাই-মদৰ অবৈধ ৰমৰমীয়া বেহা অব্যাহত আছে যদিও এই বেহা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই আবকাৰী আৰু আৰক্ষীয়ে৷