কাজিৰঙাঃ শালমাৰী বাগিচাকে ধৰি কেইবা ঠাইতো বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যুৰ ঘটনাৰ সোমবাৰে বোকাখাতত ‘জীপাল’ নামৰ কৃষক শ্ৰমিক সংঘই প্ৰতিবাদ সাব্যস্ত কৰে।
বোকাখাত জ্যেষ্ঠ নাগৰিক মঞ্চ, প্ৰয়াস অধ্যয়ন চক্ৰ, গড়মূৰ মহিলা সমিতি, কেন্দ্ৰীয় মহিলা সমিতিয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। সংগঠনটোৰ নেতা সোনেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ নেতৃত্বত যোৱা প্ৰতিবাদকাৰীসকলে বোকাখাতৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত বোকাখাতৰ আৰক্ষীৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।