বিহালীঃ সাম্প্ৰতিক সময়ত বিহুয়ে-তিথিয়ে সকলোতে জুৱাৰ পয়োভৰ ঘটা সকলোৰে পৰিলক্ষিত হ’লেও এয়া এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে অসমৰ গ্ৰামাঞ্চলৰ বজাৰসমূহত। থলুৱাভাৱে উত্পাদিত সা-সাংমগ্ৰীৰ উপৰিও দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী কিনা-বেচাৰ থলী এই গ্ৰামাঞ্চলৰ ধমনীস্বৰূপ বজাৰসমূহতে জুৱাৰ এই অশুভ পৰম্পৰাই বেৰী ধৰিছে।
অসমৰে বিহালী সমষ্টিৰ প্ৰতিখন বজাৰত মুকলিকৈ চলিছে জুৱাৰ আড্ডা। আৰক্ষীৰ সন্মুখতে বজাৰৰ মহলদাৰে জুৱা ঘাটি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি প্ৰতিখন জুৱা খেলৰ পৰা প্ৰতি সপ্তাহে বিহালী আৰক্ষীয়ে লাভ কৰে দহ হেজাৰকৈ টকা।