অভয়াপুৰীঃ এতিয়া স্কুললৈ যাওঁতেইও সুৰক্ষিত নহয় ছাত্ৰী। অভয়াপুৰীত সংঘটিত হয় এনে এক জঘন্য কাণ্ড। স্কুল ভানত ঘৰলৈ অহাৰ পথত ভানৰ চালকে অকলশৰীয়া অৱস্থাত পাই এগৰাকী ছাত্ৰী ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
অভয়াপুৰীৰ ৩নং নাচোন গুৰীৰ জহিৰুল ইছলাম (৩২) নামৰ স্কুল ভান চালকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আমতলাৰ নিবাসী অভয়াপুৰীৰ বাটাবাৰীস্থিত মনফৰ্ট স্কুলৰ ১২ বছৰীয়া ছাত্ৰী এগৰাকীক গাড়ীৰ ভিতৰত অকলশৰীয়া অৱস্থাত পাই লম্পট চালকজনে এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰে বুলি জানিবপৰা গৈছে।