গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনকত ১,১৯৫টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে কামৰূপ (ম) জিলাত ভোটগ্ৰহণ কৰা হ’ব।। ৪টা সমষ্টিত ২৫ টা জ’নত ভাগ কৰি দিয়া হৈছে ভোট কেন্দ্ৰসমূহ। ২৫টা জ’নক ১১০টা ছেক্টৰত বিভক্ত কৰি লোৱা হৈছে।
এই কথা এক সংবাদমেলযোগে প্ৰকাশ কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু কামৰূপ (ম) জিলা নিৰ্বাচনী বিষয়াই। তদুপৰি ১১০ জন ছেক্টৰ বিষয়া নিযুক্তি দিয়া হৈছে নিৰ্বাচনৰ বাবে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গাড়ী, হুইল চেয়াৰেৰে ভোটকেন্দ্ৰলৈ অনা হ’ব বিশেষভাৱে সক্ষম লোকক। ৰাজনৈতিক ব্যক্তিয়ে ভোটকেন্দ্ৰলৈ লৈ আহিব নোৱাৰিব কোনো ভোটাৰক।