ডিফুঃ বহু প্ৰত্যাশিত বাবেই কাৰ্বি আংলং জিলা আৰু হোজাই জিলাৰ সীমান্ত এলেকাত অঞ্চল লাংকাইজানত শনিবাৰে অসংখ্য অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যৌথ উচ্ছেদ অভিযান চলায় কাৰ্বি আংলং জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বনবিভাগ আৰু ৰাজহ বিভাগে৷
সীমান্তঞ্চলটোত বিগত দশক জুৰি সন্দেহ যুক্ত বাংলাদেশী লোকে কাৰ্বি আংলঙৰ ভূমিত অবৈধভাৱে বেদখল কৰি থকা বুলি গম পাই অসম চৰকাৰৰ অনুমতি সাপেক্ষে অঞ্চলটোত বসতি স্থাপন কৰি থকা প্ৰায় ১০১৬ টা ঘৰ উচ্ছেদৰ লক্ষ্য লৈ উচ্ছেদ অভিযান চলাই বেদখলকাৰী সকলৰ প্ৰায় ২৫ টা বাসগৃহ ধ্বংস কৰি পেলোৱা হয়৷