শিৱসাগৰঃ শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্তই জিলাখনত ৫ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। অৱশ্যে বন্ধৰ সময়ছোৱাত বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে অন্যান্য পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ হ’বলগীয়া পৰীক্ষা, সাক্ষাৎকাৰ আদি পৰিষদ বা বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট সূচী মতেই অনুষ্ঠিত হ’ব বুলি আদেশ প্ৰত্ৰৰ যোগেদি ঘোষণা কৰে শিৱসাগৰ জিলাৰ উপায়ুক্তই।
উল্লেখ্য যে, অসম চৰকাৰৰ সাধাৰন প্ৰশাসন বিভাগৰ অধিসূচনা নং জি এ জি (এ) ৮১/২০১৬/ অংশ/১/২২০ দিনাংক ১৯/১২/২০১৮ অধীনৰ ৭ নং উপবন্ধত প্ৰদত্ত ক্ষমতা অনুযায়ীয়েই আদেশ-পত্ৰ জাৰি কৰা হৈছে বুলি প্ৰকাশ জিলাৰ উপায়ুক্ত ডা° লক্ষ্মণন এছৰ।