গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মহানগৰীৰ আমবাৰীস্থিত বুঢ়া মছজিদৰপৰা দীঘলীপুখুৰী পাৰলৈ সদৌ অসম গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৰূপায়ন কৰে এক প্ৰতিবাদী সমদল কাৰ্যসূচী।
প্ৰতিবাদকাৰীসকলৰ দাবী কৰে যে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তানক ভাৰতে সম্পূৰ্ণভাৱে ধ্বংস কৰিব লাগে। লগতে যোৱা ২৬ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ভূমিলৈ গৈ সন্ত্ৰাসবাদক নিৰ্মূলৰ প্ৰচেষ্টাক সংগঠনটোৱে ধন্যবাদ জনায়। লগতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনাবাহিনীক পূৰ্ণ স্বাধীনতা অৰ্পণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীকো সংগঠনটোৱে ধন্যবাদ দিয়ে।