গুৱাহাটীঃ গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত নতুন সংযোজনেৰে ৰাধাগোবিন্দ বৰুৱা পথৰপৰা গণেশগুৰিৰ বিষ্ণু ৰাভা উৰণীয়া সেঁতুক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি, ২০১৮-১৯ৰ অধীনত ৪৭৬ মিটাৰ দীঘল এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে ৫৮.৭৪ কোটি টকা অনুমোদন দিয়া হৈছে আৰু ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। উৰণীয়া সেঁতুখনে গুৱাহাটীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।