নগাঁওঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও নগৰ শাখাৰ উদ্যোগত নগাঁৱৰ কিৰণৱালা গোস্বামী বালিকা বিদ্যাপীঠত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।
তদুপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ননৈ মহাবিদ্যালয়ৰ মানোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা তথা সমাজকৰ্মী কবিতা কুশ্ৰে ‘নাৰী দিৱসক সীমাবদ্ধতা মাত্ৰ এদিনৰ বাবে নাৰাখি বছৰৰ ৩৬৫ দিনতে উদযাপিত কৰিব লাগে’ বুলি কোৱাৰ লগতে কয় যে নাৰীক পূজা কৰাৰ প্ৰয়োজন নাই, কেৱল সন্মান দিয়াৰহে প্ৰয়োজন আছে।