আমগুৰিঃ “ড° জগন্নাথ মহন্তৰ দৰে সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ ব্যৱহাৰিক আৰু তাত্বিক পাণ্ডিত্যৰ অধিকাৰী ব্যক্তিয়ে জীৱিত কালত প্ৰাপ্য সন্মান নাপালে।” এই মন্তব্য শাৰদী শইকীয়াৰ।
যোৱা ১৭ মাৰ্চৰ সন্ধিয়া আমগুৰিত শ্ৰীশ্ৰীকমলাবাৰী সত্ৰৰ বৰবায়ন, গুৰু টংকেশ্বৰ হাজৰিকাক পোন প্ৰথমবাৰৰ বাবে ড° জগন্নাথ মহন্ত স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত আগবঢ়োৱা ভাষণত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া শিল্পী শাৰদী শইকীয়াই এনেদৰেই মন্তব্য কৰে।