ডিফুঃ ২০১৯ৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে অসমত দ্বিতীয় পৰ্যায়ত অহা ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৩ নং স্বায়ত্ত শাসিত জিলা (জনজাতি) এখন লোক সভা সমষ্টিৰ এজন সদস্য নিৰ্বাচনৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰাপ্ত প্ৰাৰ্থীৰপৰা মনোনয়ন পত্ৰ বিচাৰি এক জাননী জাৰি কৰিছে৷
জাননীত উল্লেখ থকা অনুসৰি প্ৰাৰ্থীসকলে কোনো ৰাজহুৱা বন্ধৰ দিনৰ বাহিৰে অহা ২৬ মাৰ্চ মঙলবাৰলৈ দিনৰ ১১ বজাৰপৰা তিনি বজালৈ মনোনয়ন পত্ৰসমূহ প্ৰাৰ্থী নিজে বা তেওঁৰ প্ৰস্তাবকে ৰিটাৰ্নিঙ বিষয়া নাইবা অতিৰিক্ত উপায়ুক্ত এ চি এছ বিষয়া মুকুল কাথাৰ আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ ওচৰত ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ৰ ১ নং কোঠাত দাখিল কৰিব পাৰিব৷