গুৱাহাটীঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষৰাখি নৱ-প্ৰজন্মৰ যুৱ ভোটাৰ সকলক আকৰ্ষণ কৰাৰ বাবে অসম নাগৰিক সমাজৰ উদ্যোগত যুৱ-সমাবেশ আয়োজন কৰা হয়৷ অহা ২৩ মাৰ্চৰ দিনৰ ১০.৩০ বজাৰপৰা দিনযোৰা কাৰ্যসূচীৰে মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত “দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ” শীর্ষক যুৱ সমাৱেশখনত অংশগ্ৰহণ কৰিব গুজৰাটৰ দলিত যুৱনেতা জিগনেচ মেৱানি, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সভাপতি এন চাই বালাজী আৰু প্ৰাক্তন সম্পাদিকা শত্ৰুৰূপা চক্ৰৱৰ্তী, সদৌ বড়ো ছাত্ৰ সন্থা সভাপতি প্ৰমোদ বড়ো,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু লেখিকা পাৰভিন চুলতানাই অংশগ্ৰহণ কৰিব।
এই বিষয় মঙলবাৰে অসম নাগৰিক সমাজে এক সংবাদ মেল যোগে কৰি জানিবলৈ দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলখনত উপস্থিত থাকি অসম নাগৰিক সমাজৰ সভাপতি তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই কয় বিগত পাঁচ বছৰে দেশত যি একনায়কত্ববাদী শাসন চলিছে সেই ব্যৱস্থা উৎখাত কৰাৰ বাবেই অসম নাগৰিক সমাজে ৰাজ্য প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ সমাৱেশ আয়োজন কৰিবলৈ লোৱা বুলি জানিবলৈ দিয়ে।