92
জাগীৰোডঃ জাগীৰোডত বুধবাৰে উপস্থিত প্ৰদ্যুৎ বৰদলৈক বাইক ৰেলীৰে উষ্ম আদৰণি জনাই কংগ্ৰেছ কৰ্মীসকলে৷ লগতে উপস্থিত হয় ৰকিবুল হুছেইন৷
বিজেপি দল আৰু হিমন্ত বিশ্বক কঠোৰ ভাষাৰে সমালোচনা কৰে দুয়ো নেতাই৷ নগাওঁ সংসদীয় সমষ্টিটো কংগ্ৰেছৰ বাবে সদায় প্ৰত্যাহ্বান৷ কিন্তু সেই প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ সাজু, বুলি প্ৰদ্যুৎ বৰদলৈৱে কংগ্ৰেছক উদ্দ্যেশি কয়৷