84
বৰনৰ্দ্দীঃ নলবাৰী ১৪৯ বছৰীয়া ইতিহাস প্ৰসিদ্ধ দৌলগোবিন্দপুৰৰ দৌলউৎসৱটি বুধবাৰৰপৰা অহা ২২ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।
নলবাৰীৰ যজ্ঞসেন বৰকাকতি ক্ষেত্ৰত অনুষ্ঠিত দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৯-৩০ বজাত স্মৃতিচাৰণ অনুষ্ঠান, ১০ বজাত গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।