ওদালগুৰিঃ ৰাজ্যৰ দৰে বিটিচি পৰিষদতো অস্তিত্ব হেৰুৱাইছে আঞ্চলিক দলে। কোকৰাঝাৰত টিকট দি প্ৰমিলাৰাণী ব্ৰহ্মক বলিৰ পঠা সজাইছে হাগ্ৰামা মহিলাৰীয়ে। এই ভাষ্য এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। বুধবাৰে ওদালগুৰিত অনুষ্ঠিত এক গণ সমাৱেশত একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজালে ইউপিপিএলয়ে।
ৰাজ্যবাসীক পাৰ্টীৰ সলনি প্ৰাৰ্থী চাই ভোটদানৰ আহ্বান এবছু সভাপতিগৰাকীৰ। আজি ওদালগুৰিৰ কবিৰালীত এক বিশাল গণ সমাৱেশৰ দ্বাৰাই একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজালে ইউপিপিএলে। কবিৰালী আঞ্চলিক এবছুৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ। এই সমাৱেশত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও মন্তব্য প্ৰকাশ কৰে।